ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2024 8:28 PM

printer

কার্বি আংলংত দ্বিতীয় পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

কার্বি আংলং নির্বাচনী জিলাত দ্বিতীয় পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ডিফু, বোকাজান, হাওৰাঘাট, ৰংখাং, আমৰি আৰু হাফলং বিধানসভা সমষ্টিক সামৰি গঠিত ডিফু লোকসভা সমষ্টিৰ সৰ্বমুঠ ৮ লাখ ৯২ হাজাৰ ৭৮৯ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪ লাখ ৪৫ হাজাৰ ৮৪ জন হোৱাৰ বিপৰীতে ৪ লাখ ৪৭ হাজাৰ ৫ গৰাকী মহিলা ভোটাৰ আছে। নির্বাচনী জিলাখনত ৪৪৮ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া মধুমিতা ভাগৱতীয়ে জানিবলৈ দিয়ে। নিৰ্বাচনী জিলাখনৰ ২০টা ভোটগ্রহণ কেন্দ্র মহিলা নির্বাচনী বিষয়া-কৰ্মচাৰীয়ে পৰিচালনা কৰিব। ইপিনে জিলাখনত পোষ্টেল বেলটৰ জৰিয়তে বৰ্তমানলৈকে ৩৫৫ জন ভোটাৰে ঘৰতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আনহাতে, নির্বাচনী জিলাখনত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আজি ৰাজ্যিক নির্বাচনী আইকন ৰাকেশ বনিক উপস্থিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ডিফু চহৰলৈ বাহিৰ কৰা চাইকেল ৰেলীত অংশগ্ৰহণ কৰি পেৰা চাইক্লিষ্ট শ্রী বনিকে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ডিফু সমষ্টিৰ ভোটাৰ ৰাইজক দলে-বলে ওলাই আহি ভোটদান কৰিবললৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক