ডাউনলোড
মোবাইল এপ

android apple
signal

June 16, 2024 8:10 PM

printer

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কাৰ্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্ৰকাশ কৰে। তেঁও কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰূপনগৰত নিৰ্মাণ কৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্রশাসনিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব। বর্তমান হেঙেৰাবাৰীৰ কাৰ্যালয়টো দিশপুৰ উপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰূপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ খানাপাৰাত নৱ নিৰ্মীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোও পৰিদৰ্শন কৰে। অহা বছৰৰ ১৫ আগষ্টৰ পূৰ্বে কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২২ চনৰ ১০ মেত চাৰি মহলীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰিছিল৷ ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নির্মীয়মান এটা প্ৰেক্ষাগৃহৰ অগ্ৰগতিৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক