কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ অসুস্থ হৈ পৰা শিশুসহ ২৮জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেবা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে’ত মির্জাৰ ঝাৰোবড়ীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতেই বহু লোক অসুস্থ হৈ পৰে। অসুস্থসকলক আজাৰা চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত ২১জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পাছত আৰু সাতজন লোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয়।
Site Admin | May 30, 2024 8:06 PM | Kamrup mirza