ডাউনলোড
মোবাইল এপ

android apple
signal

কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ

ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগত কৰে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, যোৱা ২৯ অক্টোবৰত অট’ৱাত স্থায়ী সমিতিৰ কাৰ্য্যবিধি সম্পর্কে এটা কূটনৈতিক টোকা প্ৰদান কৰা হয়। তেওঁ কয় যে, কানাডাৰ উচ্চ পৰ্য্যায়ৰ বিষয়াসকলে ইচ্ছাকৃতভাৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ভিত্তিহীন ইংগিত প্ৰকাশ কৰাটোৱে বৰ্তমানৰ কানাডা চৰকাৰৰ ৰাজনৈতিক এজেণ্ডা আৰু আচৰণৰ আৰ্হিৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী নিশ্চিত কৰে। এনে দায়িত্বহীন কাৰ্য্যই দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বুলি তেওঁ সঁকিয়াই দিয়ে। ভাৰতীয় বিষয়াসকলৰ ওপৰত কানাডাই চলোৱা চোৰাংচোৱাগিৰি সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে, ভাৰতৰ একাংশ কনচুলাৰ বিষয়াক শেহতীয়াকৈ কানাডা চৰকাৰে জনাইছিল যে, তেওঁলোক অডিঅ’ আৰু ভি ডি অ’ চোৱাচিতাৰ অধীনত আছিল আৰু আছে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, ভাৰতে আনুষ্ঠানিকভাৱে কানাডা চৰকাৰৰ প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰে, কিয়নো নতুন দিল্লীয়ে এই কাৰ্য্যক প্রাসঙ্গিক, কূটনৈতিক আৰু কনচুলাৰ চুক্তি উলংঘা কৰে বুলি গণ্য কৰে। তেওঁ লগতে কয় যে, কূটনৈতিক আৰু কনচুলাৰ কৰ্মীসকলে ইতিমধ্যে উগ্ৰবাদৰ পৰিৱেশত কাম কৰি আছে। তেওঁ কয় যে, কানাডা চৰকাৰৰ এই কাৰ্য্যই পৰিস্থিতি আৰু অধিক ভয়াবহ কৰি তুলিব আৰু ই পৰম্পৰাৰ বিৰোধী।

অধিক পঢ়ক

সকলো চাওক