ডাউনলোড
মোবাইল এপ

android apple
signal

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত কোনোধৰণৰ বিশেষ তথ্য অবিহনে অভিযোগ উত্থাপন কৰাৰ অভ্যাসত পৰিণত হৈছে। কানাডাত ভাৰতীয় কূটনীতিবিদসকলৰ ওপৰত নজৰ ৰখাৰ ঘটনা গ্রহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেনবেৰাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অষ্ট্ৰেলিয়াৰ বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে এই আক্ৰমণ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে নিৰাশাজনক। তেওঁ কয় যে আস্থা সংস্কৃতি নির্বিশেষে সকলো অষ্ট্ৰেলিয়াৰ নাগৰিকৰ সুৰক্ষা আৰু সন্মানৰ অধিকাৰ আছে। ইয়াৰ পূৰ্বে ড° এছ জয়শংকৰে অষ্ট্ৰেলিয়াৰ বিদেশমন্ত্ৰীগৰাকীৰ সৈতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পৰ্যায়ৰ পঞ্চদশ আলোচনাত অংশ লয়। মন্ত্রী দুগৰাকীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চৌপাশ, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল, পশ্চিম এছিয়া, ইউক্রেইন আৰু গোলকীয় কৌশলগত প্ৰেক্ষাপটক লৈ আলোচনা কৰে। আলোচনাৰ অন্তত ড° জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতা নিৰন্তৰ বৃদ্ধি পাইছে। দুয়ো দেশৰ মাজৰ শক্তিশালী ৰাজনৈতিক সম্পর্ক, প্ৰতিৰক্ষা-সুৰক্ষা সহযোগিতা, সম্প্ৰসাৰিত বাণিজ্য আৰু ঘনিষ্ঠ শৈক্ষিক সহযোগিতাৰ পৰা এই কথা প্ৰতিফলিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক