কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। জীপ ছাফাৰীৰে আৰম্ভ হ’বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পর্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ছাফাৰীৰ অনুমতি প্ৰদান কৰাৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলত মুখ্য কাৰ্যালয়ৰ পৰা ডিফলু এপিচিলৈকে পর্যটকসকলে জীপ ছাফাৰী কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক