কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাগৰি বনাঞ্চলিক বিষয়াৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পলৈ আউট ব’ৰ্ড মটৰযুক্ত ২০ খন ৰবৰ নাও প্ৰদান কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এই আঁচনিখন অতি সোনকালে ৰূপায়ণ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কাজিৰঙাত অনুষ্ঠিত এখন বৈঠকত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু সাহায্যৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ ২০ খন ৰবৰৰ নাও প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালি ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই নাওকেইখন প্ৰদান কৰে। ইয়াৰ পাছত সাংবাদিকৰে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীয়ে কয় যে বানৰ ফলত জীৱ-জন্তুৰ মৃত্যু হ’লেও ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত গাড়ীৰ খুন্দাত জীৱ-জন্তুৰ মৃত্যু হোৱাৰ সংখ্যা এইবাৰ একেবাৰে কম আছিল। এইক্ষেত্ৰত ৰাইজে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে তেওঁ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কলিয়াবৰত যাতে ভৱিষ্যতে পুনৰ বানৰ সৃষ্টি নহয়, তাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ অতি কম সময়ৰ ভিতৰতে মথাউৰি ভঙা স্থানত অস্থায়ী বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বাবে জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক