ডাউনলোড
মোবাইল এপ

android apple
signal

July 7, 2024 11:39 AM | Kaziranga Flood

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে চিকিৎসাৰ সময়ত ১১টা সুগৰি পহুৰ মৃত্যু হোৱাৰ লগতে পানীত ডুব গৈ ৬২টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৰ্তৃপক্ষই এতিয়ালৈকে প্রায় ৯৫টা জীৱজন্তু উদ্ধাৰ কৰিছে। জীৱজন্তুৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলিত ৩৪টা, কাজিৰঙাত ৫৮টা, বাগৰিত ৩৯টা, বুঢ়াপাহাৰত ২৫টা আৰু বোকাখাটত ৯টা বন শিবিৰ স্থাপন কৰা হৈছে। ইফালে ব্রহ্মপুত্র, কলং, কপিলী আৰু কিলিং নৈৰ জলস্তৰ ক্ৰমাৎ‍ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ ভালেমান অঞ্চল বানত ডুব গৈছে। বানত দিশহাৰা হৈ জনাঞ্চলত প্ৰৱেশ কৰা যিকোনো বন্যপ্ৰাণী প্ৰত্যক্ষ হ’লে লগে লগে বন বিভাগ বা আৰক্ষীক অৱগত কৰিবলৈ জনসাধাৰণৰ প্ৰতি মৰিগাঁও জিলা প্ৰশাসনে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক