কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কালি গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত গঁড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰি থকা ব্যৱস্থা, বন বিভাগ আৰু আৰক্ষী সমন্বিত কার্যকলাপ তথা বন সুৰক্ষা বাহিনীৰ নিয়োগ আৰু সৱলীকৰণৰ লগতে চোৰাংচোৱাৰ নেটৱৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। টাস্ক ফ’ৰ্চে লগতে চোৰাং চিকাৰী বিৰোধী পদক্ষেপ শক্তিশালী কৰাৰ লক্ষ্যৰে গঠিত সমিতিত বিশেষ সঞ্চালকপ্রধান, নগাঁও, গোলাঘাট, যোৰহাটৰ মাণ্ডলিক বিষয়া আৰু অসম বন সুৰক্ষা বাহিনীৰ কামাণ্ডেণ্টক অতিৰিক্ত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্যৰ বনাঞ্চলত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰি ন ন বনাঞ্চলত গঁড়ৰ বিচৰণ দেখা গৈছে। ইয়াৰ ভিতৰত যোৱা দুবছৰত কাজিৰঙাৰ বুঢ়াচাপৰি আৰু মাজুলীত গঁড়ৰ বিচৰণ দেখা গৈছে। কালিৰ বৈঠকখনত গঁড় থকা সকলো অঞ্চলতে নিয়মীয়াকৈ জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক