কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কার্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। কাজিৰঙাত হ’বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো প্রশিক্ষণ দি গণনা কার্যসূচীত নিয়োগ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উদ্যানৰ বিল,জলাশয় আদি বিগত বৰ্ষত কৰা গণনাত ৮৮,৭১০ টা চৰাই পোৱা গৈছে। ১৮৪ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই এই গণনাত পৰিলক্ষিত হৈছিল।
Site Admin | January 5, 2025 11:18 AM | KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা
