কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। তাজ ৰিজ’ৰ্ট আৰু স্পাৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই হোটেলৰ বাবে ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসমৰ পৰ্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেচনছ প্রাইভেট লিমিটেডে চুক্তিত স্বাক্ষৰ কৰিব। মুঠ ১২০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ হ’বলগীয়া এই হোটেলত কমেও ২০০ গৰাকী লোকৰ প্রত্যক্ষ নিযুক্তি সম্ভৱ হ’ব। ৭৫ পৰা ১০০টা কোঠাৰ ব্যৱস্থা থাকিবলগীয়া এই হোটেলত বিলাসী আতিথ্যৰ সকলো সুবিধা আগবঢ়োৱা হ’ব। হোটেলখনৰ নিৰ্মাণে ৰাজ্যখনৰ পৰ্যটন খণ্ডত সামগ্রিক উন্নয়ন সাধিব বুলি আশা কৰা হৈছে।
Site Admin | August 3, 2024 1:02 PM