কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ জৰিয়তে প্ৰায় ২০০ গৰাকী যুৱক-যুৱতীৰ বাবে কর্মসংস্থাপন সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ সামগ্রিক বিকাশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ বিদেশৰ পৰ্যটকসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে কালি ৰাজ্য চৰকাৰে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেছন প্রাইভেট লিমিটেডৰ এই বুজাবুজিত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত ১২০ কোটি টকা বিনিয়োগ কৰা হ’ব। কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনত ৭৫ ৰ পৰা ১০০ টা কোঠা থাকিব আৰু এই প্ৰকল্পৰ দ্বাৰা প্ৰায় ২০০ গৰাকী যুৱক-যুৱতীৰ বাবে কর্মসংস্থাপনৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰাৰ উপৰি তাত এনিশা কটাই যোৱাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটিছে। তেনে ক্ষেত্ৰত হোটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডটোক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব বুলিও তেওঁ কয়। আনহাতে গুৱাহাটীৰ জাগীৰোড পথত আন এখন বিলাসী হোটেল স্থাপন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক