October 27, 2024 8:24 PM | Modi Gifted to Putin

printer

কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ দিয়ে। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ ছোহৰাই চিত্রকলা হৈছে অঞ্চলটোৰ থলুৱা পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই চিত্রকলাসমূহক এক জিলা এক সামগ্ৰী শীৰ্ষক ভাৱাদৰ্শৰ অধীনত স্বীকৃতি প্ৰদান কৰা হৈছে। এই চিত্রকলাসমূহ সৰল আহিলা তথা প্রাকৃতিক ৰঙৰ ব্যৱহাৰৰ বাবে প্রসিদ্ধ। চিত্ৰকৰসকলে গছৰ ডাল, ধানৰ খেৰৰ তুলিকা তথা আঙুলিৰ ব্যৱহাৰেৰে এই চিত্ৰকলাসমূহত শৈলী প্রস্তুত কৰে। জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু প্ৰকৃতিৰ চিত্ৰায়নে জনজাতীয় সংস্কৃতিত বন্য জীৱ-জন্তুৰ গুৰুত্বপূৰ্ণ স্থান তথা কৃষক সমাজৰ জীৱনশৈলীৰ প্ৰতিফলন ঘটায়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত শ্ৰী মোদীয়ে ইৰাণ আৰু উজবেকিস্তানৰ নেতাসকলক মহাৰাষ্ট্ৰৰ সুন্দৰ শিল্পকলা উপহাৰ দিয়ে। তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতিক উপকূলীয় শিল্পকলাৰ উৎকৃষ্ট উদাহৰণ মুকুতা তথা সাগৰীয় শামুকেৰে নিৰ্মিত এটি সুন্দৰ উপহাৰ প্ৰদান কৰে। মহাৰাষ্ট্ৰত বিশেষকৈ উপকূলীয় অঞ্চলসমূহত শিল্পীসকল সাগৰীয় শামুকেৰে সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰাত সিদ্ধহস্ত। শ্রী মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিক ৱলিৰ এখন চিত্ৰকলা উপহাৰ দিয়ে। ৰাজ্যখনৰ ডাহানু, টালাচাৰি আৰু পালঘৰ অঞ্চলৰ ৱৰ্লি জনজাতিৰ লোকসকলৰ কলা হিচাপে প্ৰখ্যাত শৈলীৰে এই চিত্ৰকলা প্ৰস্তুত কৰা হৈছে। এই চিত্ৰকলা ইয়াৰ সৰলতা আৰু প্ৰকৃতি তথা দৈনন্দিন জীৱনৰ সৈতে গভীৰ সংযোগৰ প্ৰতিফলন হিচাপে প্রখ্যাত। ৩ হাজাৰ খ্ৰীষ্টপূৰ্বৰ আশে-পাশে সৃষ্টি হোৱা বুলি ধাৰণা কৰা এই চিত্রকলা দেশৰ অন্যতম পুৰাতন হিচাপে জনাজাত। পৰম্পৰাগতভাৱে ৱলিৰ মহিলাসকলে শস্য চপোৱাৰ সময় তথা বিবাহৰ দৰে বিশেষ উপলক্ষ্যত তেওঁলোকৰ বাসগৃহত মাটিৰে নিৰ্মিত বেৰত চিত্র অংকন কৰিছিল। এই চিত্ৰকলাৰ জৰিয়তে তেওঁলোকৰ জীৱনশৈলী, নীতি-নিয়ম তথা ধর্মীয় নীতি-নিয়মসমূহ প্ৰতিফলিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক