July 25, 2024 10:12 AM | Ranoj Pegu

printer

কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শৈক্ষিক স্থিতি সন্দৰ্ভত  শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা বৈঠক  

ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শিক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা সভাত ভাগ লয়। জিলা তিনিখনৰ বিদ্যালয়সমূহৰ বিগত তিনিবছৰীয়া শৈক্ষিক স্থিতি, গুণোৎসৱৰ ফলাফল, আন্তঃগাঁথনি আদি ভিন্ন দিশৰ বিষয়ে জিলা শিক্ষা বিষয়াৰ পৰা কাম-কাজৰ বুজ লয়। পর্যালোচনা সভাত বিদ্যালয় একত্ৰীকৰণ তথা উন্নীতকৰণ, শিক্ষকৰ বদলিকৰণ, প্ৰাদেশিকীকৰণ, শিক্ষা সেতু এপ আদি বিষয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিষয়াসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে। পৰ্যালোচনা বৈঠকত শিলচৰৰ বিধায়ক দ্বিপায়ন চক্ৰৱৰ্তী, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক