ডাউনলোড
মোবাইল এপ

android apple
signal

October 12, 2024 11:55 AM | TRAIN ACCIDENT

printer

কাউৰাপেট্টাইত মহীশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে’লগাড়ী ৰে’ল লাইনৰ পৰা আঁতৰ

যোৱানিশা দক্ষিণ ৰে’লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত সামগ্ৰী কঢ়িওৱা ৰে’লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে’লগাড়ীখন ৰে’ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনা লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দক্ষিণ ৰে’লৱেৰ সূত্ৰ মতে, চেন্নাইৰ ওচৰৰ প’নেৰী পাৰ হৈ যোৱাৰ পিছত এক্সপ্ৰেছ ৰে’লগাড়ীখনে তীব্ৰ জোকাৰণিৰ সন্মুখীন হৈ লুপ লাইনক প্ৰৱেশ কৰে আৰু তাত পূৰ্বৰে পৰা থকা মালবাহী ৰে’ল এখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ ঘটনাত সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জন জোৱান নিয়োজিত কৰা হৈছে ৷ জিলা আয়ুক্তই এই ঘটনাৰ যিকোনো সাম্ভাব্য জৰুৰীকালীন পৰিস্থিতি চম্ভালিবৰ বাবে ওচৰৰ চিকিৎসালসমূহো সাজু কৰি ৰাখিবলৈ হাই এলাৰ্ট জাৰি কৰিছে। ৰে’ল কৰ্তৃপক্ষই বৰ্তমান ঘটনাটোৰ তদন্ত কৰি পৰিস্থিতি মূল্যায়ন কৰি আছে। এই ঘটনাত ৰে’লৰ চলাচলত বিৰূপ প্ৰভাৱ পৰিছিল যদিও কৰ্তৃপক্ষই যাত্ৰীসকলৰ পৰিবহণৰ বিকল্প ব্যৱস্থাৰ দিহা কৰিছে। দক্ষিণ ৰে’লৱেৰ চেন্নাই সংমণ্ডলে এই ঘটনাৰ তথ্য জনোৱাৰ উদ্দেশ্যে কেইবাটাও জৰুৰীকালীন হেল্পলাইন নম্বৰ প্ৰদান কৰিছে। নম্বৰ কেইটা হ’ল : 044-25354151 আৰু 044-24354995. Samastipur – 06274 – 81029188, Darbhanga – 06272 – 8210335395, Deendayal Upadhyaya Junction – 7525039558

অধিক পঢ়ক

সকলো চাওক