● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ’ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টি আছে। নিৰ্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ ১৯ টা সমষ্টিত ৩৬২ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। নিৰ্বাচনৰ বাবে নিয়োজিত পুলিং আৰু প্রিজাইডিং বিষয়াসকলে বেলট পেপাৰ, বেলট বাকচ আদি লৈ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হ’ব। কাইলৈ জিলাখনত দুই লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটাৰে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচনী প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমষ্টিকেইটাত এক লাখ ৬৮,৬৬৮ গৰাকী ভোটদাতা আছে। নির্বাচনী বিষয়াসকল আজি ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ’ব। এই নির্বাচন শান্তিপূৰ্ণকৈ অনুষ্ঠিত কৰাৰ বাবে প্রশাসনে সকলো ব্যৱস্থা লৈছে।পৰিষদৰ তিনিখন আসনত এন ডি এৰ প্ৰাৰ্থী তিনিগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। পৰিষদৰ মুঠ ৪০ খন আসনৰ ভিতৰত ৪ খনৰ বাবে সদস্য মনোনীত কৰা হয়। পৰিষদীয় সমষ্টিকেইটাত ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী ভোটদাতা আছে আৰু ইয়াৰে ২ লাখ ২৯,৩৯৪ গৰাকী মহিলা ভোটদাতা। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | April 1, 2025 10:55 AM | Election | Rabha Autonomous Council
কাইলৈ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
