প্রধানমন্ত্ৰী মোদীৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণ কাইলৈ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্ৰী মজুমদাৰে কয় যে, ভাৰত এক্ট-ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্রুনেই এটা গুৰুত্বপূৰ্ণ অংশীদাৰ। শ্রী মজুমদাৰে কয় যে ব্রুনেইৰ চুলতান হাজী হাছানল বন্ধিয়াৰ নিমন্ত্রণমৰ্মে শ্রী মোদী ৩ আৰু ৪ ছেপ্তেম্বৰত দেশখন ভ্ৰমণ কৰিব। তেওঁ কয় যে, ব্রুনেইৰ চুলতানগৰাকীয়ে ১৯৯২ আৰু ২০০৮ চনত ভাৰত ভ্ৰমণ কৰিছিল আৰু ২০১২ আৰু ২০১৮ চনত দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণকালত ব্রুনেইৰ সৈতে নতুন সহযোগিতা তথা সম্পৰ্কৰ বাবেপ্রধানমন্ত্রী মোদীয়ে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ’ব। ভাৰতে ব্রুনেইৰ সৈতে এটা বন্ধুত্বপূৰ্ণ আৰু সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে। দেশখনৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, মহাকাশ প্রযুক্তি, স্বাস্থ্য সামর্থ বৃদ্ধি, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৰ্তাই ৰাখিছে। শ্ৰী মজুমদাৰে কয় যে, ব্রুনেইত ১৪ হাজাৰৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে। চিকিৎসক, শিক্ষক আদি বৃত্তিৰে ভাৰতীয়সকলে ব্রুনেইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ দিশত অৱদান আগবঢ়াই আহিছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ল’ৰেন্স রঙৰ আমন্ত্ৰণমৰ্মে ৪ আৰু ৫ ছেপ্তেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰিব। নেতা দুয়োগৰাকী আৰু ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতা আৰু আঞ্চলিক আৰু গোলকীয় পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰিব। শ্রী মজুমদাৰে কয় যে, প্রায় ৬ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ ছিংগাপুৰ ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে লৰেন্স ৱঙে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখন ভ্ৰমণ কৰিব। তেওঁ কয় যে, এয়া হৈছে ভাৰতৰ আৰু ছিংগাপুৰৰ সম্বন্ধত নতুন মাত্ৰা প্ৰদান কৰাৰ এটা সুযোগ। আছিয়ান দেশসমূহৰ ভিতৰত ছিংগাপুৰ হৈছে ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৎস।

অধিক পঢ়ক

সকলো চাওক