কাইলৈ হাৰিয়ানা, জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

হাৰিয়ানা তথা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই উপলক্ষে প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ৯০ খন আসনৰ বাবে কাইলৈ হ’বলগীয়া ভোটগ্রহণ উপলক্ষে জিলা সদৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৯ চনত সংবিধানৰ ৩৫ এ আৰু ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত কেন্দ্ৰীয়শাসিত অঞ্চলটোত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ১০ বছৰৰ বিৰতিৰ পাছত অঞ্চলটোত শেহতীয়াকৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত নির্বাচনত বিপুল সংখ্যক নাগৰিকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অঞ্চলটোত ৮৭৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ই ভি এমত বন্দী হৈছে। ইয়াৰ ভিতৰত কোনসকল সদস্যই নিৰ্বাচনত জয় লাভ কৰি জম্মু-কাশ্মীৰ বিধানসভাত স্থান কৰে তথা কোনটো দলে চৰকাৰ গঠন কৰে সেয়া লক্ষ্যণীয় হ’ব। ইতিমধ্যে মুখ্য নির্বাচনী বিষায় পাণ্ডুৰং কে. প’লে কাইলৈ ভোটগণনা সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰিছে।

অধিক পঢ়ক

সকলো চাওক