কাইলৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হব। মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হবলগীয়া এই পৰীক্ষাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মোবাইল ইণ্টাৰনেট বা মোবাইল ডাটা সংযোগ ব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
উল্লেখযোগ্য যে কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে।
এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিটেক্টৰৰ লগতে হাতেৰে স্বাভাৱিকভাৱে তালাচী চলোৱা হ’ব। এই ক্ষেত্ৰত কোনো প্রার্থীক যদি তালাচী চলোৱাৰ সময়ত প্ৰাৰ্থীৰ্গৰাকী অসুবিধাৰ সন্মুখীন হয়, তেন্তে সংশ্লিষ্ট প্ৰাৰ্থীৰ্গৰাকীয়ে তাৎক্ষণিকভাৱে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাব পাৰিব। প্ৰৱেশপত্র, বৈধ পৰিচয়পত্ৰ অবিহনে কোনো প্ৰাৰ্থীকে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা হৈছে। পৰীক্ষা অন্ত পৰাৰ পিছত প্রার্থীসকলে প্রশ্নকাকতখন নিজৰ লগত আনিব পাৰিব। লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা OMR ছীটখনত থকা ৰোল নম্বৰ উত্তৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে।
যোৰহাট জিলাতো কাইলৈ হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে যোৰহাট আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
কৰিমগঞ্জ জিলাত এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে প্ৰাৰ্থীসকলক প্রয়োজনীয় নিয়মাৱলী আৰু জৰুৰীৰ তথ্য সম্পৰ্কে অৱগত কৰিছে। এই অনুসৰি প্ৰাৰ্থীসকলে মোবাইল ফোন, অন্য কোনো বৈদ্যুতিন আহিলা, ষ্টজে মিডিয়া ডিভাইছ, ব্লুটুথ, এয়াৰ ফোন আদি পৰীক্ষা গৃহলৈ লৈ যাব নোৱাৰিব বুলি কোৱা হৈছে। প্ৰৱেশপত্ৰৰ বাহিৰে আধাৰ কাৰ্ড, কলম, পৰিচয় পত্র, লেবেল নথকা পানীৰ বটল, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ ইত্যাদি গ্রহণযোগ্য হ’ব বুলি কোৱা হৈছে। এই নিৰ্দেশনাসমূহ উলংঘা কৰা ব্যক্তিক অসম ৰাজহুৱা পৰীক্ষা আইন ২০২৪ ৰ ধাৰা অনুসৰি শাস্তি বিহা হ’ব বুলি কোৱা হৈছে।
ৰাজ্যৰ অন্যান্য জিলাসমূহতো এই পৰীক্ষাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাৰ সময়ছোৱাত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ উপৰি সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক