কাইলৈ সমগ্ৰ ৰাজ্যতে ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

■ ৰাজ্য চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ ৭ হাজাৰ ৬০০টা পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ একে সময়তে ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে একেলগে অৱতীৰ্ণ হ’ব। নিযুক্তি পৰীক্ষাক লৈ জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি চলাইছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই বিশেষ ৰে’লৰ ব্যৱস্থা কৰাৰ উপৰি কেইখনমান ৰে’লৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছে। দেওবাৰৰ দিনটোত পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে থকা বজাৰ বন্ধ কৰাৰ লগতে সুকীয়া পথৰ নিৰ্দেশনা জাৰি কৰি নিৰ্দিষ্ট পথত গধূৰ যানবাহন চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আনহাতে, ডিব্ৰুগড় জিলাত কাইলৈ আৰু ২৯ ছেপ্তেম্বৰৰ লগতে ২৭ অক্টোবৰত ৬৯টা পৰীক্ষা কেন্দ্ৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে যাতে অনুষ্ঠিত হয়, তাৰবাবে জিলা দণ্ডাধীশে কাইলৈ, ২৯ ছেপ্তেম্বৰ আৰু ২৭ অক্টোবৰত জিলাখনৰ আটাইকেইটা কেন্দ্ৰত প্ৰযোজ্য হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ বাধা আৰোপ কৰিছে।