কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটীতো ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰতিবাৰৰ দৰে এইবেলিও বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই কাইলৈ উৰুকা উপলক্ষে উজান বজাৰত ৭০ টন মাছ বিক্ৰীৰ লক্ষ্য লৈছে। সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীব দাসে এইকথা প্রকাশ কৰে। ইপিনে, আজি পুৱাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই ভোগালী বিহু উপলক্ষে মাছ উপহাৰ দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লখিমীক আদৰি উছাহেৰে ভোগালী বিহু পালন কৰিবলৈ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁক সাক্ষাৎ কৰি পৰম্পৰাগত উপহাৰ প্ৰদান কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ভোগৰ উৎসৱ উপলক্ষে দৈ, মাছ, পিঠা-পনা ইত্যাদি পৰম্পৰাগত খাদ্য সম্ভাৰসমূহ আর্থিকভাবে দুর্বলসকলক ভগাই দিয়া হ’ব।
শিৱসাগৰ জিলাত টাই-আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰা হৈছে। ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিকভাবে আয়োজন কৰা এই মেলাত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰা হৈছে। ১০ জানুৱাৰীৰ পৰা চলি থকা এই মেলাৰ মূল অনুষ্ঠান ১৫ জানুৱাৰী অর্থাৎ পহিলা মাঘত অনুষ্ঠিত হ’ব। ইফালে গোলাঘাট জিলাত বোকাখাত মহকুমা প্রশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলসমূহত মাঘ বিহুৰ সময়ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত অবৈধভাৱে মাছধৰা সকলক দণ্ড বিহা হ’ব বুলি বোকাখাত মহকুমা প্রশাসনে ঘোষণা কৰিছে। উল্লেখযোগ্য যে মাঘ বিহুৰ সৈতে সম্পৰ্ক থকা পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ দৰে খেল-ধেমালিসমূহ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে অনুষ্ঠিত নহয়।