কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

■ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ’ব।
ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ তিতাবৰ, গোলাঘাট জিলাৰ বোকাখাত, সৰুপথাৰ আৰু দেৰগাঁওক সম-জিলা হিচাপে স্বীকৃতি দিয়া হৈছে। কাছাৰৰ লক্ষীপুৰ, গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰাও সম-জিলা হ’ব। কামৰূপ মেট্ৰ’ৰ দিছপুৰ, নিউ-গুৱাহাটী আৰু ডিমৰীয়াক সম-জিলা হিচাপে ঘোষণা কৰাৰ লগতে দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁৱক, মৰিগাঁও জিলাৰ জাগীৰোড আৰু লাহৰীঘাট আৰু হোজাই জিলাৰ লামডিঙক সম-জিলাৰ স্বীকৃতি দিয়া হৈছে। ঢেকীয়াজুলিৰ লগতে জিলাখনৰ ন-দুৱাৰকো সম-জিলাৰ আখ্যা দিয়া হৈছে। আনহাতে, ডিব্ৰুগড় জিলাৰ খোৱাং, দুলীয়াজান আৰু টিংখঙক সম-জিলাৰ স্বীকৃতি দিয়া হৈছে।
চৰাইদেউ জিলাৰ মাহমৰা আৰু কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। দক্ষতা, নিয়োগ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰত আজি দুখন সম-জিলা উদ্বোধন কৰিব। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত আজি সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক