কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব ৷ মৰৱা বিমনবন্দৰ গ্ৰাউণ্ডত আয়োজিত হ’বলগীয়া জনসভাত ৰাজ্যখনৰ কেবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মহাযুঁটি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগাণ্টিৱাৰে চন্দ্ৰপুৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে গৰচিৰলিৰ বৰ্তমানৰ সাংসদ অশোক নেতেয়ে গৰচিৰোলি লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰামটেক লোকসভা সমষ্টিৰ কানহান অঞ্চলত অহা ১০ এপ্ৰিলত মহাযুঁটি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজু পাৰৱেৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব। উল্লেখযোগ্য যে, ৰাজু পাৰৱেই গ্ৰাম্য নগপুৰৰ পৰা ৰামটেক লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূব বিদৰ্ভৰ নাগপুৰ, ৰামটেক, হান্দ্ৰাপুৰ, গৰচিৰলি চিমুৰ আৰু ভান্দাৰা গন্দিয়াকে ধৰি ৫ টা সমষ্টিত অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক