ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৫০ মিনিটত আৰম্ভ হ’ব। দুয়োটা দলে বৰ্তমানলৈ একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত ২৯৫ ৰাণত জয়লাভ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়াই দ্বিতীয়খন খেলত ১০ উইকেটত জয়লাভ কৰিছে।
Site Admin | December 13, 2024 8:41 PM | Border-Gavaskar | Cricket | SPORTS
কাইলৈ পুৱা ৫ বাজি ৫০ মিনিটত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল
