October 6, 2024 11:36 AM | Amit Shah

printer

কাইলৈ নতুন দিল্লীত বাওঁ উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে  কেন্দ্রীয় গৃহমন্ত্রীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত বাওঁপন্থী উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰিব। এই বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, চত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত ৰাজ্যসমূহক উন্নয়নমূলক সহায় আগবঢ়াব বাবে ৫ জন কেন্দ্রীয় মন্ত্রীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই আলোচনা অংশগ্রহণ কৰিব। গৃহ মন্ত্ৰ্যালয়ে বিবৃতিটোত কৈছে যে, কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত বাওঁপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে উফৰাই পেলাবলৈ সাজু হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে চৰকাৰে পথ আৰু মোবাইল সংযোগৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱাকে ধৰি বহু পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ দুৰ্গম অঞ্চলবোৰলৈ উন্নয়নমূলক আঁচনি লৈ গৈছে। ১৪ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰাৰ লগতে এই অঞ্চলসমূহত প্ৰায় ৬ হাজাৰ মোবাইল টাৱাৰ এতিয়ালৈকে স্থাপন কৰা হৈছে বুলিও বিবৃতিটোত প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক