ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ’ব। মন্ত্রালয়ে কৈছে যে সন্মিলনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, কৃত্রিম বুদ্ধিমত্তা বিষেজ্ঞ আৰু নীতি প্ৰণেতাসকলে অংশগ্রহণ কৰিব। ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব।
Site Admin | July 2, 2024 8:34 PM | Akashvani News | Delhi
কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব
