April 11, 2024 8:34 PM | Assam Election

printer

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ’ব

প্রথম পৰ্যায়ৰ লোকসভা নির্বাচনলৈ মাজত মাথোঁ ৮টা দিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ’ব। তেওঁ ডিব্ৰুগড় সমষ্টিত দলীয় প্রার্থী মনোজ ধনোৱাৰৰ হৈ তিনিচুকীয়া জিলাৰ টিংৰাইত নির্বাচনী সমাৱেশত অংশ ল’ব। পৰহিলৈ নেতাগৰাকীয়ে শোণিতপুৰ সমষ্টিত দলীয় প্রার্থী ঋষিবাজ কৌন্দিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ ইফালে, অহা সপ্তাহত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। আনহাতে, কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে যোৰহাট আৰু ডিব্ৰুগড়ৰ কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ১৬ এপ্রিলত ৰাজ্যখনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাৰ্ঘেৰিটাৰ বৰগোলাই খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্রার্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে নাহৰকটীয়া, দুলীয়াজান আৰু খোৱাঙৰ জনসভাতো অংশ লয়। নির্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ১০ বছৰত অসমৰ ৮০ লাখ লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইফালে, শ্ৰী সোণোৱালে আজি ডিগবৈ বিধানসভা সমষ্টিৰ টঙনা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত জনসভাত অংশগ্রহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে দুই নম্বৰ বেটনী ৰংগমঞ্চ, দুৱাৰমৰা আদৰ্শ গাঁও খেলপথাৰ আৰু পেঙেৰী প্রগতিশীল সংঘৰ লগতে ডিগবৈ মণ্ডলত খেজান বিহুতলী, মুলিয়াবাৰী নৱ যুৱক সংঘ, কালিপূজা খেলপথাৰ, মিছনপাৰা আৰু কালীবাৰী হাউছিং এলেকাত প্ৰচাৰ চলায়। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্রেমলাল গঞ্জুৰ হৈ তেজপুৰত নির্বাচনী প্রচাৰত অংশ লয়। যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্রার্থী লুণিজ্যোতি গগৈয়ে আজি টিংখাং বিধানসভা সমষ্টিত কেইবাটাও নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ভাগ লয়। আনহাতে, বিজেপি মিত্রজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আজি তিতাবৰ আৰু মাজুলীত ১২ খন নির্বাচনী সভাত অংশগ্রহণ কৰে। লগতে প্রার্থীগৰাকীয়ে মাজুলীতো আজি প্ৰচাৰ চলায়। তেওঁ মাজুলীৰ কৰতীপাৰ, শ্ৰীলুইত, চিলাকলা, দক্ষিণ কমলাবাৰী আদি অঞ্চলত প্ৰচাৰ চলায়। দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্রার্থীগৰাকীক সংগ দিয়ে। আজি কলিয়াবৰত কাজিৰঙা সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ মন্ত্ৰী কেশৱ মহন্ত আৰু দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰচাৰ চলায়। কলিয়াবৰৰ মিছা, ধনেখোৱা আৰু জখলাবন্ধাত দুয়োগৰাকী নেতাই প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। প্রার্থীগৰাকীৰ হৈ আজি মন্ত্ৰী অজন্তা নেওগে গোলাঘাট বিধানসভা সমষ্টিত তিনিখনকৈ প্ৰচাৰ সভাত অংশগ্রহণ কৰে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত দেশত দৰিদ্ৰতা নির্মূল হোৱা বুলি উল্লেখ কৰি তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব বুলিও মন্তব্য কবে। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি গুৱাহাটীৰ মালিগাঁও, সুন্দৰবড়ী, গণেশপাৰা, লাচিতঘাট আৰু নেপালী মন্দিৰত প্ৰচাৰ চলায়। চলায়। গুৱাহাটী সমষ্টিৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ বিজেপিৰ নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বজালীত নির্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা নেতা-কর্মীয়ে আজি নির্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে ঈদ উদযাপন আৰু ঈদ সমূহীয়া নামাজতো অংশ লৈছে।

অধিক পঢ়ক

সকলো চাওক