যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পার্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। কংগ্ৰেছ দলৰ সূত্ৰই জনোৱা মতে কাইলৈ ড০ মনমোহন সিঙৰ অন্তিম যাত্রা অনুষ্ঠিত হ’ব আৰু তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব।
আমাৰ আগৰ বতাৰিতে কোৱা হৈছে যে, যোৱা নিশা ৯ বাজি ৫১ মিনিটত নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৯২ বছৰ বয়সত বর্ষীয়ান নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভাদ্রা, কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাকে ধৰি ভালেসংখ্যক গুণমুগ্ধ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানলৈ গৈ প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা নিবেদন কৰে।
বিশ্বৰ প্ৰসিদ্ধ অর্থনীতিবিদসকলৰ অন্যতম ড০ মনমোহন সিঙে ১৯৮২ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৮৫ৰ পৰা ১৯৮৭ চনলৈ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড০ সিঙে ১৯৯১ চনৰ অৰ্থনৈতিক উদাৰীকৰণৰ ৰূপকাৰ হিচাপে ভাৰতীয় অৰ্থনীতিত সৰ্বকালৰ সৰ্ববৃহৎ সংস্কাৰ সাধন কৰে। ২০০৪ৰ পৰা ২০১৪
চনলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ সময়ত দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ড০ মনমোহন সিং ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে ২৮ বছৰ ধৰি অসমক প্ৰতিনিধিত্ব কৰিছিল।
প্রাক্তন প্রধানমন্ত্ৰী ড০ সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব। ইয়াৰ লগতে আমোদ-প্রমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব। প্রয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। পুডুচেৰীৰ উপ-ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগস্বামীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবনাথ ৰেড্ডী, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবীজ, উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ আদিয়েও প্রধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেও প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে।