ডাউনলোড
মোবাইল এপ

android apple
signal

November 19, 2024 12:30 PM | jharkhand election

printer

কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কাইলৈ অনুষ্ঠিত হ’ব। এই পর্যায়ত ১২ খন জিলাৰ ৩৮টা সমষ্টি সামৰি লোৱা হ’ব। এই পৰ্যায়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে বাৰহাইট সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে। ইপিনে ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডিয়ে ধানৱাৰ আসনৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেন গাণ্ডেক আৰু ভাতৃ বসন্ত চোৰেনক ডুমকা আসনৰ পৰা প্ৰক্ষেপ কৰা হৈছে। এই পর্যায়ত এক কোটি ২৩ লাখতকৈও অধিক ভোটদাতাই ৫৫ গৰাকী মহিলাকে ধৰি মুঠ ৫২৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ১২ খন জিলাৰ ১৪ হাজাৰ ২১৮টা ভোটগ্রহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। ৰাজ্যখনৰ নিকা আৰু শান্তিপূর্ণ নির্বাচন সুনিশ্চিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৬০০ কোম্পানী মোতায়েন কৰা হৈছে। ২০১৯ বৰ্ষৰ নিৰ্বাচনত এই ৩৮ খন আসনৰ ভিতৰত ঝাৰখণ্ড মুক্তি মৰ্চাই ১৩ খন, বিজেপিয়ে ১২ খন, কংগ্ৰেছে ৮ খন আৰু চি পি আইয়ে এখন আসন দখল কৰিছিল। উল্লেখযোগ্য যে ২৩ নৱেম্বৰত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক