ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেঁতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেঁতুখনে গুৱাহাটী ৰে’ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰৰ সুবিধা ৰখা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱাৰ ভাগত এই পদসেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে কাইলৈ ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি-শান্তিস্থলত নিৰ্মাণ কৰা তেওঁৰ আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ দাঁতিতে লাগি থকা এই শান্তিস্থলৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১ কোটি ২৬ লাখ টকা ব্যয় কৰিছে। এই শান্তিস্থলত পুথিভঁৰাল ভৱন, শোভাবর্ধক প্ৰৱেশদ্বাৰ আৰু সীমা দেৱাল, শিশুৰ খেল ধেমালি ক্ষেত্ৰ আদিৰ সু-ব্যৱস্থা থাকিব। কাইলৈৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকিব ।
Site Admin | December 31, 2024 6:59 PM | Assam CM