গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল কাইলৈ মক্কা অভিমুখে যাত্ৰা কৰিব। আজি সন্ধিয়া গুৱাহাটী হাজি মুছাফিৰখানাত উত্তৰ-পূবৰ হজযাত্রীসকলক বিদায় সম্ভাষণ জনোৱাৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩ হাজাৰ ৭০৮ গৰাকী হজযাত্রী হজ যাত্ৰাৰ বাবে ৰাওনা হ’ব। হজ যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ ভিতৰত ৩ হাজাৰ ৬৫৮ গৰাকী অসমৰ হোৱা বিপৰীতে ৩৬ গৰাকী মেঘালয়ৰ আৰু ৭ গৰাকীকৈ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোক। অহা ২৫ মে’ পর্যন্ত যাত্ৰীসকল হজ যাত্ৰাৰ বাবে পৰ্যায়ক্ৰমে ৰাওনা হ’ব। হজ যাত্ৰীসকলৰ সুবিধাৰ বাবে কেন্দ্রীয় হজ সমিতিয়ে হজ সুবিধা এপ নামৰ এটা মোবাইল এপ্লিকেশ্বনৰ ব্যৱস্থা কৰা হৈছে। এই এপৰ সহায়ত যাত্ৰীসকলে হজ সম্পৰ্কীয় সকলো তথ্য ঘৰতে বহি লাভ কৰিব পাৰিব ।
Site Admin | May 15, 2024 8:12 PM | Haj journey