দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰং-ওদালগুবি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ কেন্দ্ৰসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্রসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে। প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া-কৰ্মীসকল নিজ নিজ কেন্দ্ৰত ই ভি এম সহ উপস্থিত হৈছে। দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪৭০টা কেন্দ্ৰত ভোটগ্রহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰয়োজনীয় সামগ্রীসহ ৰাওনা হয়। এই নির্বাচনৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিত এহেজাৰ ১৮৪ আৰু গোৰেশ্বৰত এহেজাৰ ১৬০ গৰাকীকে ধৰি মুঠ দুহেজাৰ ২৪৪ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়া নিয়োগ কৰা হৈছে। তদুপৰি নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰিছে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কাইলৈ হ’বলগীয়া ভোটগ্রহণ প্রক্রিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী, আৰক্ষী তথা নিৰাপত্তাৰক্ষীসকল নিজ নিজ গন্তব্য স্থানত উপস্থিত হৈছেগৈ। ইপিনে, ডিফু সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং নির্বাচনী জিলাত ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়াসকল সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈছে। জিলাখনৰ ২০ টা ভোটগ্রহণ কেন্দ্র সম্পূর্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ’ব। ডিফু সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ ভোটগ্রহণৰ বাবেও ১৬৮ গৰাকী বিষয়া উপস্থিত হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচনী জিলাৰ ভোটগ্রহণকাৰী বিষয়াসকল আজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেল পথাৰৰ পৰা সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ সা-সামগ্রীসহ ৰাওনা হয়। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জটিল ভোটকেন্দ্ৰসমূহত অর্ধ-সামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অর্পণ কৰা হৈছে আৰু ৫০ শতাংশৰো অধিক ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে এই কেন্দ্ৰসমূহত মাইক্ৰ’ অবজার্ভাৰ নিয়োগ কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কূটাঘাতমূলক কার্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব।
Site Admin | April 25, 2024 6:15 PM | Assam 2nd Phase Election Preparation