ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হ’ব। কাইলৈ পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। স্মৃতি তৰ্পণ, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত বিজ্ঞান সমিতিৰ প্রাক্তন সভাপতি নবীন শিক্ষাবিদ ড° মনোজ কুমাৰ পাটোৱাৰীয়ে তিনিওটা দিনব অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। দিনৰ ভাগত কৃত্রিম বুদ্ধিমত্তা আৰু ইয়াৰ ভৱিষ্যত শীর্ষক বিশেষ বক্তৃতানুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড° ইফটাক হুছেইন সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। একেদৰে কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতামূলক আলাপত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰণয় ফুকনে অংশ ল’ব। বিয়লিৰ ভাগত জনপ্রিয় বক্তৃতানুষ্ঠান অন্তৰংগ আলাপ আৰু পৰিৱৰ্তিত কৃষি ব্যৱস্থা তথা জৈৱ বৈচিত্ৰ সংৰক্ষণ শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হ’ব। সন্ধিয়া কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। পৰহিলৈ স্বাস্থ্য সজাগতা অনুষ্ঠানৰ লগতে মুগা শিল্প সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। সেইদিনাই স্মাৰক গ্ৰন্থ আৰু অন্যান্য গ্রন্থ উন্মোচন কৰা হ’ব। তৃতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট গৱেষক বিজ্ঞানী ড° অৰূপ কুমাৰ মিশ্ৰ আৰু ড° জয়দীপ বৰুৱা উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক