কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছ আৰু তেওঁৰ পত্নী বেগোনা গোমেজৰ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ

স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছে তেওঁৰ পত্নী বেগোনা গোমেজৰ সৈতে কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব। এয়া হ’ব – ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম ভাৰত ভ্ৰমণ। উল্লেখযোগ্য যে ১৮ বছৰৰ পাছত স্পেইনৰ ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণে স্পেইন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ছানছেছে কেইবাবাৰো বহুপক্ষীয় বৈঠকৰ বাবে মিলিত হৈছে। স্পেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। এয়াৰ বাছ স্পেইনৰ সহযোগত টাটা এড্‌ভান্স চিষ্টেমে বিমান পৰিবহণ খণ্ডৰ ফ্লেগশ্বিপ ‘মেক ইন ইণ্ডিয়া’ বৰোদাত দুয়োগৰাকী নেতাৰ উপস্থিতিত উদ্বোধন কৰা হ’ব। উল্লেখযোগ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ৰাষ্ট্ৰপতি ছানছেছক এই ভ্ৰমণৰ সময়ত সাক্ষাৎ কৰিব। আনহাতে, স্পেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মুম্বাই ভ্ৰমণ কৰি বাণিজ্য আৰু উদ্যোগক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ সৈতে মত বিনিময় কৰি কেইবাটাও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।