ডাউনলোড
মোবাইল এপ

android apple
signal

May 14, 2024 11:36 AM | NTA Exam

printer

কাইলৈৰ পৰা স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এয়ে কাইলৈৰ পৰা অহা ১৮ মে ‘লৈ স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, চি ইউ ই টি (ইউ জি) অনুষ্ঠিত কৰিব। সংস্থাই ভাৰতৰ বাহিৰৰ ২৬খন চহৰকে ধৰি দেশৰ ৩৭৯খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ ‘ব। পৰীক্ষাৰ্থীসকলৰ এডমিট কার্ড cuet-ugl@nta.ac.in ৱেবছাইটত মুকলি কৰা হৈছে বুলি সংস্থাই এক বিবৃতিযোগে জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ আবেদন পত্ৰৰ নম্বৰ আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি ৱেবছাইটৰ পৰা এডমিট কার্ড ডাউনলোড কৰিব পাৰিব। পৰীক্ষা সন্দৰ্ভত শেহতীয়া তথ্যৰ বাবে পৰীক্ষাৰ্থীসকলক নিয়মীয়াকৈ সংস্থাৰ ৱেবছাইট www.nta.ac.in আৰু cuet-ug@nta.ac.in চাবলৈ পৰামৰ্শ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক