ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীমোদী মস্কোলৈ যাব । নেতা দুয়োগৰাকীয়ে দুয়োখন দেশৰ মাজৰ বহুপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব। ৰাছিয়া ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদী মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হ’ব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্রমণ। শ্রীমোদীয়ে মস্কো আৰু ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু ৰাছিয়াৰ মাজৰ ২২ সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত সমগ্ৰ দ্বিপাক্ষিক বিষয় পর্যালোচনা কৰা হ’ব। এইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰতিৰক্ষা, বাণিজ্যিক যোগাযোগ, বিনিয়োগ মিত্রতা, শক্তি-সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা-সংস্কৃতি তথা জনসাধাৰণৰ মাজত পাৰস্পৰিক বিনিময়। তেওঁলোকে ব্রিকস্‌, এছ চি অ’, জি-২০, পূব এছিয়া শীৰ্ষ সন্মিলন আৰু ৰাষ্ট্ৰসংঘকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন গোটৰ সাম্প্ৰতিক অৱস্থান সন্দৰ্ভত মত বিনিময় কৰিব । অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ’ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক