প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ লাওচৰ ভিয়েনটিয়েনলৈ যাব। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা পূৱৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।
শ্ৰীমজুমদাৰে জনাই যে এয়া হ’ব প্ৰধানমন্ত্ৰীৰ এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশম সংখ্যক অংশগ্রহণ। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে লাওচৰ প্ৰধানমন্ত্ৰী চনেক্সে চিফান্দনৰ আমন্ত্ৰণ মৰ্মে ভিয়েনটিয়েন ভ্রমণ কৰিব শ্ৰীমজুমদাৰে লগতে কয় যে, শ্রীমোদীৰ লগতে আছিয়ান দেশসমূহৰ চৰকাৰী মুৰবৰী সকলে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ সম্পৰ্ক আৰু উন্নয়নৰ বিষয়ে পর্যালোচনা কৰিব।
Site Admin | October 9, 2024 9:10 PM | narendra modi | PMO India