ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 7:39 PM | Jonbeel Mela

printer

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জোনবিল মেলাত মুখ্য অতিথি  হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ’ব। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকিৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব। বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। গোভা দেওৰজাৰ বিবাহ অনুষ্ঠানৰ ইতিহাস জড়িত এই মেলাত পাৰম্পৰিকভাৱে বিনিময় প্রথাৰ হাট অনুষ্ঠিত হৈ আহিছে। অসমৰ পাৰ্বত্য জিলাকেইখনৰ লগতে চুবুৰীয়া মেঘালয়ৰো শতাধিক গাঁৱৰ ৰাইজে প্ৰতি বছৰে এই মেলাত স্থানীয়ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰে । অসমৰ লোক সংস্কৃতিৰ অনন্য উপাদান এই মেলাত সমূহীয়া মাছ ধৰা পৰ্বৰ লগতে পাৰম্পৰিক খেল-ধেমালি আৰু বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী তথা সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ’ব। ইতিমধ্যে এই মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক