মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটা ছেৰি আনৱাৰ বিন ইব্রাহিমে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া হ’ব প্ৰথম হ’ব বিদেশ ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী অহা মঙলবাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তথা বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰত আৰু মালয়েছিয়াৰ শক্তিশালী ঐতিহাসিক আৰু সামাজিক সাংস্কৃতিক সম্পর্ক আছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বর্ধিত, কৌশলগত সম্পর্কলৈ উন্নীত হয়। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণে ভৱিষ্যতৰ বাবে বহু খণ্ডৰ সহযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক মিত্রতা অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব।
Site Admin | August 18, 2024 8:31 PM | Malaysia PM