ডাউনলোড
মোবাইল এপ

android apple
signal

কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা, চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অভিহিত কৰে

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি অভিহিত কৰে। ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যখনৰ অসামৰিক সেৱা পৰীক্ষাসমূহৰ বাবে সাজু হোৱা নিৰ্বাচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্রস্তুতিমূলক নির্দেশনা অধিৱেশন এখনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি এনেদৰে কয়। যুৱক-যুৱতীসকলক মাতৃভূমিৰ প্ৰতি দায়িত্ব পালনৰ কাৰণে আহ্বান জনাই শ্ৰী আচাৰ্যই ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনাই আগ্রহী যুৱচামৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। এই যোজনাৰ অধীনত আকাংক্ষীসকলক আর্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় দিহা-পৰামৰ্শও আগবঢ়োৱা হ’ব। ভাষণ প্ৰসংগত ৰাজ্যপালে ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত লাভ-লোকচানৰ পৰিসৰৰ বাহিৰত গৈ দেশ তথা জাতিক প্রাথমিকতা দিবলৈ আহ্বান জনায়। এই পদক্ষেপে ৰাজ্যৰ যুৱক-যুৱতীসকলক অসামৰিক সেৱাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ লগতে দায়বদ্ধতা তথা সততাৰে নিষ্ঠাবান চৰকাৰী কৰ্মচাৰী হিচাপে গঢ়ি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। যোজনাটোত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰা ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া চিম্মী কৰণ, আৰণ্যক শ‍ইকীয়া, আদিত্য বিক্রম সিং আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অমিত মাহাতোলৈ ৰাজ্যপালে অনুষ্ঠানটোত কৃতজ্ঞতা প্রকাশ কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শ্ৰী আচাৰ্যই প্রাচ্যবিদ্যাৰ্ণৱ পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ এটা ১২ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

অধিক পঢ়ক

সকলো চাওক