নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত ঢেকিয়াপতিয়াৰ আক্ৰমণত নিহত এজন লোকৰ আজি চিন্ন মুণ্ড উদ্ধাৰ কৰা হয়। মৃত লোকজন কলিয়াবৰ বাগিছাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছত শিলঘাট তহলদাৰী আৰক্ষী চকীৰ সন্মুখত অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত প্রতিবাদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। তেওঁ স্থানীয় ৰাইজক বাঘটোক কৰায়ত্ত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। ঢেকিয়াপতিয়াৰ আক্ৰমণত নিহত আৰু আহত লোকক উপযুক্ত ক্ষতিপূৰণ দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। তেওঁ জনসাধাৰণৰ সুৰক্ষাৰ বাবে অতিৰিক্ত বন সুৰক্ষা বাহিনী নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিয়ে। পাছত মন্ত্ৰীগৰাকীয়ে বাঘৰ আক্ৰমণস্থলীও পৰিদৰ্শন কৰে।
Site Admin | December 22, 2024 8:52 PM | Koliabor Tiger attack