ডাউনলোড
মোবাইল এপ

android apple
signal

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া এই জলপানিৰ উদ্দেশ্য হৈছে ভাৰতীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত গুণগত শিক্ষাৰ প্ৰসাৰ কৰা। এই জলপানিয়ে শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ শিক্ষাৰ ব্যয়, মাহেকীয়া ভৰনপোষণৰ ভাট্টা আৰু কিতাপ তথা অন্যান্য সামগ্ৰীৰ বাবে বার্ষিক অনুদান প্ৰদান কৰিব। তদুপৰি ভাৰতলৈ বিমান যাত্ৰাৰ ভাৰা, শৈক্ষিক ভ্ৰমণৰ অনুদান আৰু হোষ্টেলৰ সুবিধাও এই জলপানিয়ে সামৰি ল’ব। এই ব্যৱস্থাই শ্ৰীলংকাৰ সৈতে ভাৰতৰ দীৰ্ঘ দিনীয়া শৈক্ষিক সম্পর্ক প্রতিফলিত কৰিছে। উল্লেখযোগ্য ভাৰতে প্ৰতিবছৰে দেশখনৰ ৭০০ ৰো অধিক শিক্ষার্থীক জলপানি প্ৰদান কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক