আৰ্জেণ্টিনাই মায়ামিৰ হাৰ্ড ৰ’ক ষ্টেডিয়ামত আজি পুৱা কলম্বিয়াক ১-০ৰ ব্যৱধানত পৰাস্ত কৰি কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লটাৰো মার্টিনেজে খেলৰ দ্বিতীয়ার্ধত বিজয়ী গ’লটো দিয়ে। আর্জেণ্টিনাই অভিলেখ সংখ্যক ১৬ বাৰৰ বাবে এই টুর্ণামেণ্টৰ খিতাপ অৰ্জন কৰিছে। টুর্ণামেণ্টত সর্বাধিক গল দি লওটাৰো মাৰ্টিনেজে ২০২৪ কোপা আমেৰিকা গ’ল্ডেন বুট লাভ কৰে। মার্টিনেজে টুর্ণামেন্টখনত মুঠ ৫টা গ’ল দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আর্জেন্টিনাই ২০২২ চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ খিতাপ জয় কৰিছিল।
Site Admin | July 15, 2024 6:58 PM | COPA America
কলম্বিয়াক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন
