কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে মাত্র ১৬০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৩ অভাৰ আৰু চাৰিটা বলত দুটা উইকেট হেৰুৱাই ১৬৪ ৰাণ কৰে। কলকাতাৰ হৈ অধিনায়ক শ্রেয়াছ আয়াৰে ২৪টা বলত ৫৮ ৰাণ আৰু ভেংকটেশ আয়াৰে ২৮টা বলত ৫১ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ১৯ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰাণ কৰে। হায়দাবাদৰ হৈ ৰাহুল ত্রিপাঠীয়ে ৩৫টা বলত সৰ্বাধিক ৫৫ ৰাণ কৰে। কলকাতাৰ মিচেল ষ্টাৰ্কে তিনিটা উইকেট দখল কৰে। ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি একেখন ষ্টেডিয়ামত হ’বলগীয়া এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ’ব। এই খেলখনত জয়লাভ কৰা দলটোৱে শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব। দেওবাৰে প্ৰতিযোগতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
Site Admin | May 22, 2024 10:37 AM