কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক’লকাতাৰ নন্দন, একতাৰা মুক্ত মঞ্চ আদি ছবিগৃহসমূহত প্ৰদৰ্শিত হ’ব।
Site Admin | January 22, 2025 8:04 PM | Akashvani News | Kolkata
কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন
