September 17, 2024 8:25 PM | Supreme Court of India

printer

কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ উইকিপিডিয়াক নির্দেশ

উচ্চতম ন্যায়ালয়ে কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উইকিপিডিয়াক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই ঘটনাৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰ সংক্ৰান্তত শুনানি গ্ৰহণ কৰি আজি এইদৰে নিৰ্দেশ দিয়ে। মহান্যায়াভিকর্তা তুষাৰ মেহতাই শুনানিৰ সময়ত বিচাৰপীঠখনৰ আগত কয় যে, উইকিপিডিয়াই বর্তমানেও ভুক্তভোগী চিকিৎসকগৰাকীৰ নাম আৰু আলোকচিত্ৰ প্ৰদৰ্শন কৰি আছে। বিচাৰপীঠখনে কয় যে,  ২০ আগষ্টতে ভুক্তভোগী মহিলাগৰাকীৰ নাম আৰু আলোকচিত্র সামাজিক মাধ্যম আৰু বৈদ্যুতিন সংবাদ মঞ্চৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ দিছিল। বিচাৰপীঠখনে উইকিপিডিয়াক এই নির্দেশ পালন কৰিবলৈ পুনৰাই কয়। উচ্চতম ন্যায়ালয়ে কয় যে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে দাখিল কৰা গোচৰৰ স্থিতি সম্পৰ্কীয় প্রতিবেদন সঁচাকৈ চিন্তাজনক। অৱশ্যে সর্বোচ্চ ন্যায়ালয়ে চিবিআইয়ে দাখিল কৰা প্ৰতিবেদনৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। ন্যায়ালয়ে কয় যে এনেধৰণৰ তথ্য সদৰি কৰিলে তদন্তত বাধা উৎপন্ন হ’ব পাৰে। এখন ৩ জনীয়া বিচাৰপীঠে ৯ চেপ্তেম্বৰত এই ঘটনা সন্দৰ্ভত চিবিআইক নতুনকৈ স্থিতি সম্পৰ্কীয় প্রতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছিল।

অধিক পঢ়ক

সকলো চাওক