কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। চিকিৎসকসকলে এনে ধৰণৰ কাৰ্য যাতে পুনৰ সংঘটিত নহয় তাৰ বাবেও শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ বাবেও প্রধানমন্ত্ৰীলৈ আহ্বান জনায়। তেওঁলোকে লগতে বিধি বলৱৎকাৰী সংস্থা, নীতি নির্মাতাসকল তথা সমাজক এইক্ষেত্ৰত তাৎক্ষণিক আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে এই ঘটনাৰ পাছতে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বোসে ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে মহিলা চিকিৎসক আৰু নাৰ্চসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষক নির্দেশ দিছে। আনহাতে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ন্যায়ৰ দাবী জনাই কালি কলকাতাৰ তিনিটা উল্লেখনীয় ফুটবল ক্লাব ক্রমে মোহন বাগান, ইষ্ট বেংগল আৰু মহম্মদান স্পোর্টিং ক্লাবৰ হাজাৰ হাজাৰ ফুটবল প্রেমীয়ে চল্টলেক ষ্টেডিয়ামৰ বাহিৰত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে এই ঘটনাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব। মূল হাস্পতাল চৌহদ, ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, চি এন চেণ্টাৰ আৰু ৩ নম্বৰ ছাত্ৰাবাসলৈ অহা-যোৱা কৰাৰ বাবে কৰ্তব্যৰত চিকিৎসকসকলে দায়িত্বত থকা কেজুৱেলিটি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেজুৱেলিটি বিষয়াই কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বাহনৰ ব্যৱস্থা কৰাৰ লগতে এগৰাকী মহিলা সুৰক্ষা কৰ্মী থকাটো নিশ্চিত কৰিব।
আন এটা নিৰ্দেশনা অনুযায়ী ৰোগীৰ সৈতে অহা ৰেড কাৰ্ড থকা পৰিয়ালৰ সদস্যৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সন্ধিয়া ৬ বজাৰ পাছত আন লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ কৰা মতে চৌহদৰ পৰা অকৰ্তৃত্বশীলভাৱে থকা লোকসকলক আঁতৰাই পঠোৱাৰ বাবে সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজন দায়বদ্ধ হ’ব। এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিষয়াজনে ভঙাগড় আৰক্ষীৰ সহায় ল’ব পাৰিব। ইয়াৰ উপৰি সকলো গৃহৰক্ষী জোৱান, ব্যক্তিগত সুৰক্ষা কৰ্মী আৰু নিৰ্মাণ শ্রমিকে সন্ধিয়া ৬ বজাৰ পাছত পৰিচয় পত্ৰ পিন্ধিব লাগিব বুলিও নির্দেশনাটোত প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক