কলকাতাত মহিলা চিকিৎসকৰ সৈতে সংঘটিত ঘটনাক উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গৰিহণা

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উত্তৰা খণ্ডৰ ঋষিকেশত আজি সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী তথা কৰ্মচাৰীসকলক সম্বোধন কৰি দিয়া ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে বৰ্বৰ অপৰাধেৰে মানৱতাক লজ্জানত কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে চিকিৎসক, নার্চ, কম্পাউণ্ডাৰ তথা অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে দুদিনীয়া ভ্ৰমণ সূচীৰ দ্বিতীয় দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় আৰ আই এম চিৰ শিক্ষাৰ্থীসকলকো সম্বোধন কৰে। সামৰিক বিদ্যালয়সমূহত কন্যাসকলকো নামভৰ্তি কৰাৰ সুযোগ দিয়াৰ সিদ্ধান্তক তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে, সামৰিক বিদ্যালয়সমূহত যুৱতীৰ নামভৰ্তিয়ে লিংগ, ক্ষমতা তথা ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভাবে ইতিবাচক পদক্ষেপ প্রতিফলিত কৰিছে। যি কোনো পৰিস্থিতিত দেশৰ স্বাৰ্থক অগ্রধিকাৰ দিয়াৰ দিশটোত গুৰুত্ব আৰোপ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে আৰ আই এম চিৰ শিক্ষাৰ্থীসকলক সাহস আৰু গৌৰৱেৰে দেশ সেৱা কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে শ্ৰী ধনখড়ে মহাবিদ্যালয় প্ৰাসংগনত গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ শিক্ষাৰ্থীসকলক গছপুলি ৰোপণৰ জৰিয়তে এক পেৰ মাকে নাম অভিযানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

অধিক পঢ়ক

সকলো চাওক