সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰিক্ষাৰ্থীয়ে ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ হৈছে আৰু অন্ততঃ মুঠ ১৭০ নম্বৰ লাভ কৰিছে সেইসকল পৰিক্ষাৰ্থীয়েহে এই কম্পার্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ১ নম্বৰ সংমণ্ডলৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি অৱতীৰ্ণ হোৱা পৰিক্ষাৰ্থীসকলে উত্তীৰ্ণ হোৱাৰ বাবে ন্যূনতম ৩০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে সৰ্বমুঠ ১৮০ বা ততোধিক নম্বৰ পাব লাগিব। কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ সকলো শিক্ষার্থীয়ে চলিত শিক্ষা বৰ্ষতে নামভৰ্তি কৰিব পাৰিব। নিৰ্দেশনাটোত উল্লেখ কৰা অনুযায়ী এই পৰীক্ষাৰ সময়সূচী পৰৱৰ্ত্তী পৰ্যায়ত ঘোষণা কৰা হ’ব। প্ৰতিটো বিষয়ৰ বাবে পৰিক্ষাৰ্থীসকলে ৫০০ টকাকৈ বেংক চালান ষ্টেট বেংক অব ইণ্ডিয়াৰ জৰিয়তে আদায় দিয়াৰ লগতে ১৫০ টকাকৈ কেন্দ্ৰ মাচুল পৰিশোধ কৰিব লাগিব। উল্লেখযোগ্য যে এই পৰীক্ষা থিয়ৰী কাকতৰ ক্ষেত্ৰতহে অনুষ্ঠিত হ’ব। পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে পৰীক্ষা কেন্দ্ৰৰ তালিকা পৰ্টেলত উপলব্ধ হ’ব বুলি পৰিষদে নিৰ্দেশনাটোত উল্লেখ কৰিছে।
Site Admin | April 17, 2025 8:00 PM | Compartmental Exam
কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ
