May 26, 2024 7:00 PM | Women Cricket

printer

কনকলতা বৰুৱা  আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল বিজয়ী

অসম ক্রিকেট সন্থাৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত চি গ্ৰুপৰ অন্তিমখন খেলত ঘৰুৱা দল বৰপেটাই নগাঁও জিলা দলক পৰাজিত কৰে। বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত বৰপেটা ২০ ৰাণত বিজয়ী হয়। এই জয়ৰ সুবাদত বৰপেটা প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হয়। প্রথমে বেট ধৰি বৰপেটাই ২৯ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৭ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নগাঁও জিলা দলে ২৬ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৭ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক